সুৰক্ষিত আৰু বিকশিত অসম গঢ়াৰ দৃঢ় সংকল্প লৈ, বিজেপি নেতৃত্বাধীন চৰকাৰে বছৰ - বছৰ ধৰি সমাজৰ প্ৰতিটো অংশৰ সামগ্ৰিক উন্নয়নৰ বাবে অবিৰতভাৱে কাম কৰি আহিছে। ডাবল ইঞ্জিন চৰকাৰৰ অধীনত অসমে এক ৰূপান্তৰকাৰী যাত্ৰা অতিক্ৰম কৰিছে, য’ত শান্তি চুক্তি, তীব্ৰ গতিত অসাধাৰণ উন্নয়ন, উন্নত সংযোগ ব্যৱস্থা আৰু বহুতো কল্যাণমূলক পদক্ষেপসমূহ গ্ৰহণ কৰা হৈছে। আজি উন্নয়নৰ পোহৰ অসমৰ প্ৰতিটো কোণলৈ, গাঁৱৰ পৰা চহৰলৈ, চাহ বাগিচাৰ পৰা জনজাতীয় অঞ্চললৈ বিস্তাৰ হৈছে ,নিষ্ঠাৰে আমাৰ সেৱা সুশাসন আৰু মূল্যবোধৰ দ্বাৰা প্ৰৰোচিত হৈছে।
আমি গৌৰৱেৰে এই ইস্তাহাৰ উপস্থাপন কৰিছোঁ, যি এই যাত্ৰাৰ এক অব্যাহত ধাৰা। এই সংকল্প পত্রৰ প্ৰতিটো শব্দ কেৱল এটা প্ৰতিশ্ৰুতি নহয়, বৰঞ্চ অসমৰ জনসাধাৰণৰ প্ৰতি এক দৃঢ় অঙ্গীকাৰ। ভাৰতীয় জনতা পাৰ্টিয়ে অসমৰ ৰাইজক আশ্বাস দিয়ে যে, আগতেও যেনেদৰে আমি আমাৰ প্ৰতিশ্ৰুতি পূৰণ কৰিছোঁ, ঠিক তেনেদৰে আমি নতুন উদ্যমেৰে আগবাঢ়ি যাম আৰু অসমক শান্তি, সমৃদ্ধি আৰু সামগ্ৰিক উন্নয়নৰ পথত আগুৱাই লৈ যাম।